জিতুমনি নাথ, মৰিগাঁওঃ মৰিগাঁৱত সেনাবাহিনীৰ এখন হেলিকপ্টাৰৰ জৰুৰী অৱতৰণক লৈ সাধাৰণ মানুহৰ মাজত সৃষ্টি হয় ব্যাপক চাঞ্চল্য। পাছত যান্ত্ৰিক বিজুতি বাবেহে হেলিকপ্টাৰখন অৱতৰণ কৰা হয় বুলি জানিব পৰাত হেলিকপ্টাৰখন চাবলৈ উৎসুক লোকৰ ব্যাপক সমাগম ঘটে।
জানিব পৰা মতে, সেনাবাহিনীৰ হেলিকপ্টাৰখন ডিমাপুৰৰপৰা শ্বিলঙলৈ যোৱা পথত সংঘটিত হয় এক যান্ত্ৰিক বিজুতি। মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানা আৰু আমচৈ আৰক্ষী চকীৰ মাজৰ বৰবৰি পথাৰত সেনাবাহিনীৰ হেলিকপ্টাৰখন জৰুৰীভাৱে অৱতৰণ কৰিব লগাত পৰে।