আব্দুল বাৰেক ,বিহালীঃ জিনজিয়া চেন্টাৰৰপৰা লালপানী তিনিআলিলৈকে যোৱা পথত থকা পুখুৰী সদৃশ গাঁতসমূহে জলাকলা খুৱাইছে যাত্ৰী পথচাৰীকে ধৰি সাধাৰণ ৰাইজক। ৰাইজৰ এনে দুৰ্দশাৰ কথা শুনিবলৈ আহৰি নাই পৰিৱৰ্তনৰ শ্ল’গান দি দিছপুৰৰ গাদী দখল কৰা পৰিৱৰ্তনকামী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ।
জিনজিয়া চেন্টাৰৰপৰা লালপানী তিনিআলিলৈ যোৱা পথচোৱাক লৈ এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। গড়কাপ্তানি পথটোৰ প্ৰায় ৩ কিঃমিঃ অধিকাংশ স্থানতেই পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত দীৰ্ঘদিন ধৰি জনসাধাৰণে যমৰ যাতনা ভুগি আহিছিল। ৰাইজে এই পথটোৰ মেৰামতিৰ দাবী জনাইছিল স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত আৰু জিলা প্ৰশাসনক।