পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰে এটা প্ৰাপ্তবয়স্ক ঢেঁকীয়াপতীয়া বাঘৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হোৱাৰ বাতৰি পোৱা গৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়াই জানিব দিয়া মতে ৰাষ্ট্ৰীয় উদ্যাখনৰ কহঁৰা বনাঞ্চলৰ অধীনত বৰুণটিকা বন শিবিৰ এলেকাত আজি বন বিভাগৰ লোক প্ৰতিদিনৰ দৰে অৰণ্যৰ মাজত টহল দিবলৈ যাওঁতে ইকৰাণিৰ মাজত এটা প্ৰাপ্তবয়স্ক মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰে।
মৃত বাঘটোৰ দেহত থকা আঘাতসমূহলৈ চাই বাঘটো প্ৰায় পোন্ধৰ দিন পূৰ্বে পৰস্পৰৰ মাজত হোৱা যুঁজত মৃত্যু হৈছে বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে। এই বাঘটোকে ধৰি চলিত বৰ্ষত দুটা ঢেঁকীয়াপতীয়া বাঘ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰস্পৰৰ মাজত যুঁজ লাগি মৃত্যুৰ মুখত পৰিছে।