নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালিৰে পৰা পাঁচদিনীয়াকৈ এটি বিহু কৰ্মশালা অনুষ্ঠিত হৈছে৷ বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ন-পুৰণি সতীৰ্থৰ সাংস্কৃতিক মঞ্চ “প্ৰয়াস” উদ্যোগত আয়োজিত এই কৰ্মশালাটি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট কবি, তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক মনজিৎ সিঙে৷ উদ্বোধনী ভাষণত তেওঁ প্ৰয়াসৰ এনে পদক্ষেপক ভূয়ষী প্ৰশংসা কৰাৰ লগতে বিহুক বিশুদ্ধ ৰূপত জীয়াই ৰাখিবলৈ এনে ধৰণৰ কৰ্মশালাৰ আৱশ্যকতাৰ কথা উল্লেখ কৰে৷
ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি কমলা ডেকাই৷ উদ্বোধনী অনুষ্ঠানত দক্ষিণপাট গাঁও পঞ্চায়তৰ সভাপতি যোগ প্ৰসাদ বৰদলৈ, বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, বিষয় শিক্ষক ললিত চন্দ্ৰ নাথ, অৰুণ জ্যোতি বৰা, সমাজকৰ্মী দীপক সিং, মানিক বৰদলৈ, হৰবিন্দ সিং, কন্দৰ্প কুমাৰ লস্কৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি চমু বক্তব্য প্ৰদান কৰে৷