100
বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ পূব নলবাৰীৰ সমীপৰ ভুনুকুছি গাঁৱত বৃহস্পতিবাৰে এটি মন্দিৰৰ লাইখুটা স্থাপন কৰা হয়। ভুনুকুছিত স্থানীয় ৰাইজৰ বহুদিনীয়া আশা পূৰণৰ অৰ্থে ভুনুকুছি হৰি মন্দিৰৰ লাইখুটা স্থাপন কৰে ৰাজ্যিক বিজেপিৰ সম্পাদক দিলীপ শইকীয়াই।
উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য মধুৰাম ডেকা, নলবাৰী জিলাৰ কিষাণ মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকাকে ধৰি প্ৰায় পাঁচ শতাধিক ৰাইজ।