79
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ আজিও সুৰক্ষিত নহয় বিশ্বনাথ পানপুৰ মথাউৰি৷ মথাউৰিটোৰ সুৰক্ষাৰ বাবে মথাউৰিৰৰ দাঁতিত পৰা জিঅ’ মেটৰ কাম আজিও সম্পূৰ্ণ নহ’ল৷ ঠায়ে ঠায়ে এতিয়াও নপৰিল জিঅ’ মেট৷
দুবছৰে ঠিকাদাৰে সম্পূৰ্ণ নকৰিলে জিঅ’ মেটৰ কাম৷ ফলত বাৰিষাৰ বানে যিকোনো মূহুৰ্ততে খহাই নিব পাৰে মথাউৰিটো৷ ইয়াৰ উপৰি মথাউৰিটোৰ কাষত নৈৰ পাৰত বাস কৰা লোকসকলৰ জীৱনৰ প্ৰতি আহিছে চৰম ভাবুকি৷