70
নলবাৰীঃ নলবাৰীৰ ভিতৰৰ কিছু অঞ্চলত ৰন্ধন গেছৰ ছিলিণ্ডাৰ বিক্ৰীৰ এক অবৈধ বেহা গুৰুতৰ হাৰত বৃদ্ধি পাব ধৰিছে।
অপৰিহাৰ্য পণ্যদ্ৰব্যৰ কথা ক’বলৈ গ’লেই বৰ্তমান সময়ত ৰন্ধন গেছৰ চাহিদা অতি উচ্চ। সম্প্ৰতি, প্ৰাপ্ত অভিযোগ অনুসৰি নলবাৰী চহৰৰ গাতে লাগি থকা ভাৰত গেছ এজেন্সিটোৰ পৰিচালকজনে নীতি বহিৰ্ভূতভাৱে ৭৫৬•৫০ টকাৰ পৰিৱৰ্তে ৭৬০ টকাত বিনা ৰছিদেৰে গেছ প্ৰদান কৰা বুলি অভিযোগ পোৱা গৈছে৷