লখিমপুৰঃ উত্তৰ লক্ষীমপুৰৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী নতুন সুৰ প্ৰকাশন পৰিষদ আৰু মংগলবোধ জাগৰণ কেন্দ্ৰই ২০০৬ চনৰপৰা প্ৰদান কৰি আহিছে সাহিত্যজ্যোতি আৰু কথা-বৈভৱ বঁটা। প্ৰতিবছৰে অসমৰ সাহিত্য-সংস্কৃতি জগতলৈ বিশিষ্ট অৱদান আগবঢ়োৱা ব্যক্তিক এই দুই বঁটাৰে সন্মান প্ৰদান কৰি অহা হৈছে৷
কিছুদিন পূৰ্বে অনুষ্ঠানটোৱে ২০১৯ চনৰ সাহিত্যজ্যোতি আৰু কথা-বৈভৱ বঁটা ঘোষণা কৰিছিল৷ দেওবাৰে উত্তৰ লক্ষীমপুৰৰ তেলাহি কমলাবাৰী মহাবিদ্যালয়ত উদয় শংকৰ হাজৰিকাৰ সঞ্চালনাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হয়৷ অসমৰ সাংস্কৃতিক জগতৰ এটি পৰিচিত নাম চৈয়দ ছাদুল্লা৷ প্ৰখ্যাত গীতিকাৰ সুৰকাৰ তথা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ছাদুল্লাক কালি সাহিত্যজ্যোতি সন্মান প্ৰদান কৰা হয়৷