বৰহোলাঃ সদৌ অসম মইনা পাৰিজাতৰ অন্তগৰ্ত অন্যতম জিলা মইনা পাৰিজাত তিতাবৰ জিলা মইনা পাৰিজাতৰ সপ্তম দ্বি-বাৰ্ষিক শিশু সমাৰোহখন ফুলবাৰীৰ সুৰমাধুৰী মইনা পাৰিজাতৰ আমন্ত্ৰণত ১০ মে’ৰপৰা অনুষ্ঠিত হৈ সোমবাৰে সামৰণি পৰে। আজি পুৱাতে তিতাবৰৰ বিশিষ্ট নাট্য কৰ্মী প্ৰতিম মহন্তই উদ্ধোধন কৰা মইনা সকলৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে মন আকৰ্ষিত কৰে।
দুপৰীয়া সুৰমাধুৰী মইনা পাৰিজাতৰ মইনা শ্বুহানা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ আঁত ধৰি উদেশ্য বাখ্যা কৰে জিলাৰ সম্পাদক ৰবীন মহন্তই। মইনা শ্ৰুতিপ্ৰিয়া ভূঞাই উদ্ধোধন কৰা সভাখনত গোলাঘাট জিলা মইনা পাৰিজাতৰ মইনা স্বৰাজ শইকীয়া আৰু যোৰহাট জিলা মইনা পাৰিজাতৰ মইনা বিদিশা হাজৰিকা মইনা বক্তা হিচাবে, মইনা স্নেহা প্ৰিয়দৰ্শিণী শইকীয়া, মইনা স্নেহা ময়ী দত্ত মইনা বিস্মিতা শইকীয়াই মইনা অতিথি হিচাবে অংশ গ্ৰহণ কৰে।