চামগুৰিঃ ৰাজ্য চৰকাৰৰ “অসম দক্ষতা বিকাশ অভিযান”ৰ অধীনত “তাৰাৱতী ডেভেলপমেন্ট ফাউণ্ডেশ্যন”ৰ উদ্যোগত নগাঁও পুৰণিগুদামত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ল বিশেষভাৱে সক্ষম লোক সকলক বিভিন্ন ক্ষেত্ৰত দক্ষতা বিকাশৰ বাবে এটি বিশেষ প্ৰশিক্ষণৰ কেন্দ্ৰ।
পুৰণিগুদামস্থিত পাৰঘাট মজলীয়া বিদ্যালয়ৰ এটি পৰিত্যক্ত গৃহক পুনৰ মেৰামতি কৰি বৃহত্তৰ নগাঁও জিলাৰ বিভিন্ন ঠাইৰ প্ৰায় নব্বৈ জনকৈ বিশেষভাৱে সক্ষম লোকক একেলগে সংগঠনটোৱে বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰাপ্ত কৰাৰ প্ৰচেষ্টা হাতত লৈছে যাতে বিশেষভাৱে সক্ষম প্ৰশিক্ষণাৰ্থী সকল জীৱন বাটত পৰনিৰ্ভৰশীল নহৈ পৰৱৰ্তী সময়ত আত্মনিৰ্ভশীল হৈ উঠিব পাৰে।