চামগুৰিঃ ৰাজ্যত দ্ৰুতগতিত চলি থকা নাগৰিক পঞ্জীৰ উন্নতিকৰণ প্ৰক্ৰিয়াৰ আপত্তি দৰ্শোৱাৰ অন্তিম পৰ্য্যায়ত উপনিত হৈছে কৰ্তৃপক্ষ। কিন্তু একাংশ আপত্তিকাৰিয়ে জধে-মধে বিচাৰ-বিবেচনাহীনভাৱে বিভিন্ন ঠাইৰ একাধিক থলুৱা নাগৰিকক সন্দেহজনক নাগৰিক বুলি এনআৰচি কৰ্তৃপক্ষৰ ওচৰত আপত্তি দৰ্শাই হাৰাশাস্তি কৰাৰ অভিযোগ এতিয়া বহুবোৰ ঠাইত উত্থাপন হৈছে শেহতীয়াকৈ।
অনুৰূপ ধৰণেৰে নগাঁৱৰ চামগুৰিটো মংগলবাৰে পোহৰলৈ আহিছে আন এক আপত্তিজনিত ঘটনা। এইবাৰ ৰহাৰ এজন জনৈক বিমল চন্দ্ৰ গগৈ নামৰ ব্যক্তিয়ে আপত্তি দৰ্শালে ৰহাৰে এজন জ্যেষ্ঠ সাংবাদিক তীৰ্থ প্ৰসাদ গোস্বামীৰ পৰিয়াল এগৰাকী মহিলাৰ সন্দৰ্ভত। ‘আমাৰ অসম’ কাকতৰ প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক গৰাকীৰ ন’বৌয়েক অৰ্চনা গোস্বামীৰ মাতৃৰ পৰিয়াল নগাঁও আমোলাপট্টীৰ পুৰণি নিবাসী যদিও মহিলা গৰাকী বিবাহৰ পিছত স্বামীৰ সৈতে চাকৰিসূত্ৰে বসবাস কৰি আছে ডিব্ৰুগড় চহৰত।