ডিফুঃ বিজেপি শাসিত তুলিৰাম ৰংহাঙ নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অপশাসনৰ অভিযোগলৈ মংগলবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কৰ সন্মুখত পিপুল ফৰ পিপুল চমুকৈ পিএফপি আৰু কাৰবি হিলছ ডেভ’লপমেণ্ট এণ্ড প্ৰটেকছন অৰ্গেনাইজেছন চমুকৈ কেএইছডিপি অ’ই দুদিনীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছে৷
সংগঠন দুটাই পাঁচ দফীয়া দাবীৰ সন্দৰ্ভত অৱস্থান ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে৷ দাবী সমূহ ক্ৰমে, কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ পূঁজীৰ অপব্যৱহাৰৰ চিবিআই তদন্তৰ দাবী, কাৰবি আংলং সীমান্তঞ্চলৰ সমস্যাৰ স্থায়ী পদক্ষেপ গ্ৰহণ কৰাৰ দাবী, ধনশিৰি, দলদলী সংৰক্ষিত বনাঞ্চলৰ লগতে লাংকাইজানত অবৈধ বেদখল উচ্ছেদ কৰা আৰু সংৰক্ষিত বনাঞ্চল সমূহক নবীকৰণ কৰা, বন্য জীৱ-জন্তুৰ জীৱনৰ সুৰক্ষাৰ লগতে বনজ সম্পদ সমূহৰ অবাধ ধ্বংস ৰোধ কৰাৰ লগতে সংগঠন দুটাই দাখিল কৰা ভিজিলেন্স আৰু দূৰ্নীতি নিবাৰণৰ শাখা আৰু মানৱ অধিকাৰ আদিৰ দাখিল কৰা গোচৰৰ ভিত্তিত দূৰ্নীতিগ্ৰস্থ ঠিকাদাৰ-বিষয়া, এছডিঅ’, আদি, ৰামচিং হাঞ্চে, ফুকন কোঁৱৰ, এলচি ৰেংমা( ফুকন কোঁৱৰৰ জীয়েক), পৱিত্ৰ ইংতি, বলীন দাস, সুমিত দাস, ৰাম অৱতাৰ স্বামী, ডিডি ডেকা (ডিএভি স্কুলৰ অধ্যক্ষ), লৰিংক তিমুঙ, ইএম মঙলছিং তিমুঙ নয়ন পাঠক, শিৱপ্ৰসাদ বৰুৱা, এ ৰহমান, এম আলী, বিকে গগৈ, নিলোৎপল ৰংহাঙ, জ’জ’ তেৰাঙ দুয়ো (এআৰঅ’), কিশোৰ চৌধুৰী, এচিএছ মুকুল কাথাৰ আৰু অনান্যক শাস্তি বিহাৰ দাবী৷