ডিফুঃ কাৰ্বি আংলং ক্ৰীড়া সন্থা, জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহ আৰু ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা ট্ৰাক পাৰ্কিঙৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে নৱগঠিত ডিফু মিউনিচিপালটি ব’ৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰই৷ ডিফু নগৰ সমিতিৰ সৌন্দৰ্য বৰ্ধনৰ বাবে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নিৰ্দেশ মৰ্মে এই নিৰ্দেশ জাৰী কৰা হৈছে বুলি অধ্যক্ষ ৰাহ ক্ৰ”ই জানিবলৈ দিছে৷
মংগলবাৰে দুপৰীয়া অধ্যক্ষ গৰাকীয়ে ৱাৰ্ড কমিচনাৰ ক্ৰমে, হাৰাধন ঘোষ, চিমন ফাংচ’, সাগৰ ছেত্ৰী আৰু কেইবাগৰাকী বিশিষ্ট লোকক লগত লৈ ট্ৰাক পাৰ্কিঙলৈ গৈ ট্ৰাক চালক সকলৰ লগত আলোচনাত মিলিত হয়৷ আলোচনা কালত কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায় আৰু কাৰ্যালয় সম্পাদক ছাইদুল ইছলাম উপস্থিত থাকে৷