দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত মঙলবাৰে ‘শুভাকাংক্ষী’ৰদ্বাৰা আয়োজিত “মৌময় শব্দৰ মালিতাৰে অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান”ৰ যোগেৰে অসমৰ প্ৰায় কুৰিজনতকৈও অধিক ব্যক্তিক নিজস্ব পাৰদৰ্শিতাৰে উজলি উঠা বাবে সম্বৰ্ধনা জনোৱা হয়।
বিশিষ্ট লেখিকা নম্ৰতা শৰ্মাই স্মৃতি তৰ্পণ কৰা অনুষ্ঠানটোত আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শৰ্মাই বাঁহী বাদন কৰে। অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ‘বিন্দু’ আলোচনীৰ সম্পাদক কমল কুমাৰে পৰিচালনা কৰা উক্ত অনুষ্ঠানত ‘উত্তৰ পুৰুষৰ মঞ্চ’ৰ সদস্য লখিমী শইকীয়া বৰা, পুলকেশ ৰায় বৰুৱা আৰু স্পন্দন পলাশক সাহিত্য জগতলৈ আগবঢ়োৱা অৰিহণাৰ বাবে ‘জনপ্ৰিয় লেখক’ সন্মান আগবঢ়ায়।