Home ৰাজ্যদৰিদ্ৰতাক আওকান কৰি সুখ্যাৰ্তিৰে উজলিল নলবাৰী মুগকুছিৰ ৰেহেনা বেগম

দৰিদ্ৰতাক আওকান কৰি সুখ্যাৰ্তিৰে উজলিল নলবাৰী মুগকুছিৰ ৰেহেনা বেগম

by News Desk
66 views
A+A-
Reset

নলবাৰীঃ শিক্ষা গ্ৰহনৰ ক্ষেত্রত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ তাৰেই জ্বলন্ত উদাহৰন দাঙি ধৰিলে নলবাৰী জিলাৰ মুগকুছিৰ এগৰাকী ছাত্ৰীয়ে৷ উল্লেখ্য যে, অসম শিক্ষা বিভাগে ১৫ মে’ত ঘোষনা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাৰ্তিৰে উজলি উঠিল জিলাখনৰ মুগকুছি গাঁৱৰ  ৰেহেনা বেগমে৷  অঞ্চলটোৰ অতি দৰিদ্ৰ পৰিয়ালৰ ৰেহেনাই অঞ্চলটোৰ পূব বাহঁজানী গোপালথান বালিকা বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ন হৈ ৭৭•১৬ শতাংশৰে উত্তীৰ্ণ হয়৷ 

কাপোৰ ফেৰি কৰি পৰিয়াল পোহ পাল দিয়া কুদ্দুছ আলীৰ কন্যা ৰেহেনাই অসমীয়াত ৭১, ইংৰাজীত ৭২, গণিত ৮৬, সাধাৰন বিজ্ঞানত ৬৭, সমাজ বিজ্ঞানত ৮৪ আৰু হিন্দী ত ৮৩ মুঠ ৪৬৩ নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উৰুখা প্ৰজাৰ তলত পঢ়ি উত্তীৰ্ণ হোৱা ৰেহেনাৰ এতিয়া উচ্চ শিক্ষাৰ বাবে থমকি ৰ’ব লগাত পৰিছে৷ ভৱিষ্যতে এজন প্ৰকৃত মানুহ হিচাপে দেশৰ-দহৰ বাবে সেৱা কৰাৰ অদম্য হেঁপাহ পুহি ৰখা ছাত্রী ৰেহেনাৰ সফলতাত যি দৰে সকলো আনন্দিত হৈছে ঠিক সেই দৰে তেওৰ পিতৃ- মাতৃৰ  চকুত বৈছে চকুলো. কাৰন কন্যাক পঢ়ুৱাবলৈ সামৰ্থ নাই পিতৃৰ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0