ডিফুঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰপৰা কৃৰ্তীত্ব সহকাৰে ৯০ শতাংশৰপৰা আৰম্ভ কৰি তাতোধিক নম্বৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কৃৰ্তি ছাত্ৰ-ছাত্ৰী সকলক শুকুৰাবাৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদ তৰফৰপৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নৱনিৰ্মিত সচিবালয়ত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, ডিফু লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী হৰেণচিং বে’ কেইবাগৰাকী ইএম, এমএচি প্ৰধান সচিব আৰু গণ্যমান্য ব্যক্তি অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷ জিলাখনলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃৰ্তিত্ব কঢ়িয়াই অনা মুঠ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীক কাৰ্বি পহ’, ৫০ হাজাৰ টকা নগদ ধন আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷