বৰনৰ্দ্দীঃ সদ্য ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ চিলিং গাঁৱৰ এটা দৰিদ্ৰ পৰিয়াল এগৰাকী শিক্ষাৰ্থী। স্থানীয় ঘগ্ৰাপাৰ হাইস্কুলৰ ছাত্ৰ সৌৰভ কুমাৰ শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি ৯১ শতাংশ নম্বৰ লাভ কৰে।দৰিদ্ৰ পৰিয়ালটোৰ এই ফলাফলত উৎফুল্লিত হৈ পৰিছে পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজ।
উল্লেখ যে, দামোদৰ ধাম পথ ঘগ্ৰাপাৰ চকত সৰু এটা জুপুৰিত পান দোকান দি সৌৰৱৰ পিতৃ প্ৰদীপ শৰ্মাই সময়ত ছাত্ৰগৰাকীক প্ৰয়োজনীয়তা কাগজ পাতিও যোগান ধৰিবলৈ অপৰাগ আছিল। ছাত্ৰগৰাকীৰ একাগ্ৰতা দেখি ঘগ্ৰাপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক বিভুসেন ডেকা আৰু দুই এজন শিক্ষকে পৰীক্ষা আগতে সহায় কৰিছিল।