প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ সমগ্ৰ ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ বৰ্তমানৰ তথৈবচ অৱস্থা দেখি সাধাৰণ জনতাই এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে৷ বিশেষকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাজেদি যোৱা ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ তথৈবচ অৱস্থাৰ বাবে ঘাইপথ দুটাত প্ৰায় প্ৰতিদিনেই দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰিছে৷
গাড়ী চালক তথা যাত্ৰীসকলে বহু কষ্টৰে গন্তব্য স্থানলৈ যাত্ৰা কৰিবলগীয়া হোৱা অৱস্থাই বাৰুকৈয়ে জ্বলা-ক’লা খোৱাইছে সাধাৰণ জনতাক৷ জিলাখনৰ অতি ভিতৰুৱা অঞ্চলৰ দুৰ্গম পথকো পিছ পেলাইছে এই ৰাষ্ট্ৰীয় ঘাইপথ দুটাই৷