55
কাকপথাৰঃ যোৱা ৭ মে’ত জীৱিকাৰ সন্ধানত তিনিচুকীয়া জিলাৰপৰা এটা দহজনীয়া যুৱকৰ দল বহিঃৰাজ্যলৈ ৰে’লেৰে ৰাওনা হৈছিল। দলটোৰ দুজন যুৱক আছিল তিনিচুকীয়া জিলাৰ টঙনা থানাৰ অন্তৰ্গত টঙনা মাজগাঁৱৰ।
জানিব পৰা মতে, যোৱা ১০ মে’ত যুৱকৰ দলটোৱে সন্মুখীন হৈছিল ৰে’লত যাত্ৰীৰ ৰূপত সোমাই থকা এটা ডকাইতৰ দলৰ সৈতে। চোকা অস্ত্ৰৰে ভাবুকি দি লুত-পাত চলাইছিল ডকাইতৰ দলটোৱে৷ বহুজনে ডকাইতৰ কবলৰপৰা নিজকে ৰক্ষা কৰি পৰিত্যাগ কৰিছিল সেই দবাটো।