64
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী পহৰা চকীৰ নিচেই সমীপৰ বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়৷
ঘটনাৰ বিবৰণী মতে, নগাঁৱৰপৰা ৰহা অভিমুখে তীব্ৰ বেগেৰে আহি থকা এএছ০২এচি৫০২৫ নম্বৰৰ টাটা ম’বাইল গাড়ীখনে একে দিশেৰে পথৰ কাষেৰে খোজকাঢ়ি আহি থকা এজন লোকক পিছফালৰপৰা খুন্দা মৰাত দুৰ্ঘটনাটো সংঘটিত হয়৷