গুৱাহাটীঃ গেৰুৱা নেতৃত্বাধীন চৰকাৰখনে প্ৰথমটো বৰ্ষপূৰ্তিৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে কংগ্ৰেছৰ কেইজনমান বিধায়কৰ বিজেপিগমনৰ বাতৰি কাণে কাণে চলি আছে। বিজেপি গমনৰ অংক-জংকৰ মাজতে এইবাৰ এজন বিশেষ নেতাৰ নাম চৰ্চালৈ আহিছে।
ভালেকেইজন কংগ্ৰেছ বিধায়কে ক্ষমতা লাভৰ আশাতেই দলীয় নীতি-নিৰ্দেশনা আৰু আনুগত্য জলাঞ্জলি দি গেৰুৱা হোৱাৰ দিশে আগবঢ়াৰ কথা তলে তলে চলি থকাৰ সময়তে ৰাজ্যখনত কংগ্ৰেছৰ উত্তৰসুৰী বুলি বিবেচিত সাংসদ গৌৰৱ গগৈয়ে এইবাৰ বিজেপি দলত যোগদান কৰাৰ কথা এক সূত্ৰই উল্লেখ কৰিছে।