কোকৰাঝাৰঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ গৃহ জিলাতে অব্যাহত আছে ব্যাপক বন ধ্বংস অভিযান। কোকৰাঝাৰ সদৰ চহৰস্থিত বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসভৱনৰ পৰা ১৫-২০ কিলোমিটাৰ দূৰত্বৰ নায়েকগাঁও ৰেঞ্জ কাৰ্যালয়ৰ সন্মুখতে আৰম্ভ হোৱা ব্যাপক বন ধ্বংস অভিযান ৰোধ কৰিবলৈ বিভাগীয়ভাৱে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে বিষয়টোত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ ই-মেইল বাৰ্তা প্ৰেৰণ কৰিছে।
ৰাজ্যৰ বনবিভাগৰ প্ৰতি আস্থাহীনতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যাালয়লৈ বন ধ্বংস ৰোধ কৰিবলৈ ই-মেইল বাৰ্তা প্ৰেৰণ কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদেৰে অতি চহকী নায়েকগাঁও বনাঞ্চল সম্প্ৰতি চোৰাং বন মাফিয়াৰ কবলত পৰি প্ৰায় ধ্বংসৰ অন্তিম ক্ষণত উপনীত হৈছে।