39
গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল ঘোষণা নৌহওঁতেই ৰাজ্যিক বিজেপিত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ।
কিন্তু তাৰ বিপৰীতে বিজেপিৰে মিত্ৰতা অংশীদাৰ অসম গণ পৰিষদৰ মুখ্য কাৰ্যলয়ত নিমাও-মাও পৰিৱেশ। দলটোৱে বিজেপিৰে মিত্ৰতা কৰি কলিয়াবৰ, বৰপেটা আৰু ধুবুৰীত নিজৰ প্ৰাৰ্থী থিয় কৰাইছিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা তিনিওটা সমষ্টিতে অগপ প্ৰাৰ্থী বৰ্তমান সময়ত জয়ী হোৱা আশা ক্ষীণ হোৱা পৰিলক্ষিত হৈছে।