36
বৰপেটাৰোডঃ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ঘোষিত ফলাফলত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কোত সমগ্ৰ দেশতে বিজেপি নেতা-কৰ্মীসকল আনন্দ-উল্লাসত মতলীয়া হৈ পৰিছে।
ঠিক একেদৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টি বৰপেটাৰোড চহৰতো আজি বিজেপিৰ নেতা-কৰ্মী আনন্দত আত্মহাৰা হৈ বিজেপিৰ নেতা-কৰ্মীৰ লগতে সমৰ্থকে ফটকা ফুটায় আৰু মুখত গেৰুৱা ৰং লগাই দিপাৱালী তথা ফাকুৱা সদৃশ আৱতৰীয়া পৰিৱেশেৰে চহৰখনৰ মাজমজিয়াদি এক বিশাল বিজয় শোভাযাত্ৰা উলিয়ায়।