গুৱাহাটীঃ অৱশেষত বিজেপিয়েও উদ্ধাৰ কৰিব নোৱাৰিলে অসম গণ পৰিষদক। বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কেইদিনমানৰ পূৰ্বে লোকসভাৰ নিৰ্বাচনত মিত্ৰতাত থকা পাছতো অগপ দলে প্ৰতিদ্বন্দ্বিতা কৰা তিনিখন লোকসভাৰ আসনৰ এখনতো জয়ী হ’ব নোৱাৰে বুলি কোৱা বাক্যশাৰী অৱশেষত শুদ্ধ প্ৰমাণিত কৰিলে ফলাফলে।
বিজেপিৰে মিত্ৰতা কৰি অংশীদাৰ হৈ কলিয়াবৰ, বৰপেটা আৰু ধুবুৰীৰ লোকসভাৰ সমষ্টিত আঞ্চলিক দলটোৱে থিয় কৰাইছিল ক্ৰমে দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ভাতৃ মনিমাধৱ মহন্ত, দলটোৰ জ্যেষ্ঠ নেতা কুমাৰ দীপক দাস আৰু জাভেদ ইছলামক।