গুৱাহাটীঃ দেশবাসীৰ অধীৰ উৎকন্ঠাৰ অৱসান ঘটাই বৃহস্পতিবাৰে ঘোষিত হ’ল দেশৰ সপ্তদশ সাধাৰণ নিৰ্বাচনৰ ফলাফল। সমগ্ৰ দেশৰ লগতে অসমৰো ১৪ টা লোকসভাৰ সমষ্টিত বৃহস্পতিবাৰে পুৱা ৮ বজাৰেপৰা অনুষ্ঠিত হৈছিল লোকসভাৰ নিৰ্বাচনৰ ভোটগণনা। পূৰ্বৰ ধাৰা অটুট ৰাখি ৰাজ্যখনৰ অধিকসংখ্যক আসনে এইবাৰো দখল কৰিলে নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি তথা এনডিএ চৰকাৰখনে।
মোডী মেজিকত ধূলিসাৎ হৈ মাত্ৰ তিনিখন আসনতে সীমাবদ্ধ থাকিব লগা হ’ল কংগ্ৰেছ দলটো। তাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিলে ৯ খনকৈ আসন।