গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ উত্তেজনাৰ মাজত শনিবাৰে (২৫ মে’) ঘোষণা কৰা হ’ব ছাত্ৰজীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ শেষ হোৱাৰ ৭১ দিনৰ ভিতৰত এইবাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল।
উল্লেখ যে শনিবাৰে পুৱা ৯ বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল। ইফালে প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে যাতে ফলাফলসমূহ সহজে লাভ কৰিব পাৰে তাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফল ঘোষণা বাবে নিৰ্দিষ্ট কৰিছে ১৩ টাকৈ ৱেবছাইট।