130
জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সৌজন্যত আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়, নগাঁৱৰ সহযোগত পশ্চিম নগাঁও বিহু সন্মিলনীৰ লক্ষ্মীনগৰস্থিত বিহুতলীত আজি বয়োজেষ্ঠ নাগৰিকৰ এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়।
ডাঃ কুমুদ বৰা আৰু ডাঃ জয়শ্রী পাঠকৰ দ্বাৰা চিকিৎসা সেৱা আগবঢ়োৱা শিবিৰটোত অঞ্চলটোৰ কেইবা শতাধিক বয়োজ্যেষ্ঠ পুৰুষ-মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ-পাতি বিতৰণ কৰা হয়।