ছাদিকুজ জামান, মোৰাঝাৰঃ হিন্দী বোলছবিত আৰক্ষী সাজত নায়কে ভিলেইনক অকথ্য নিৰ্যাতন চলোৱাৰ লগতে মাৰপিট কৰা কাহিনী সকলোৱে দেখিছোঁ| হিন্দী ছবিৰ দৰেই অনুৰূপ ঘটনা সংঘটিত হ’ল হোজাই জিলাৰ লংকাত|
অভিযোক্তক ধৰি থানালৈ নিয়াৰ পৰিৱৰ্তে বাটতে গুণ্ডা লগাই মাৰপিট কৰালে আৰক্ষীয়ে| উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে, হোজাই জিলাৰ লংকাৰ উদালী আৰক্ষী চকীৰ আৰক্ষী বিষয়া দিলিপ দাসে ১৮ মে’ত বামুনগাঁৱৰ চাহাব উদ্দিন নামৰ লোকজনক থানালৈ উঠাই আনি ১৯ তাৰিখে নগদ ধন ২৫০০ টকা লৈ এৰি দিয়ে|