গুৱাহাটীঃ ড্ৰাগছ ব্যৱসায় কৰি এইবাৰ লতাশিল আৰক্ষীৰ জালত অসমীয়া চলচ্চিত্ৰৰ এজন অভিনেতা। উজান বজাৰ চাৰিআলিৰ সিদ্ধাৰ্থ এপাৰ্টমেণ্টৰপৰা গ্ৰেপ্তাৰ কৰা অসমীয়া চলচ্চিত্ৰ অভিনেতাজন হৈছে নিৰেণ শৰ্মা।
দেওবাৰে লতাশিল আৰক্ষীয়ে অভিনেতাজনৰ সংগী হিমাংশু হাজৰিকা, সিদ্ধাৰ্থ মেধী (মৰিগাঁও), মহেন্দ্ৰ নাথ, ইব্ৰাহিম আলি (উজনবজাৰ)ক ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। উল্লেখ যে অভিনেতা নিৰেন শৰ্মাই ‘হিয়া-দিয়া-নিয়া’, ‘যৌৱনে আমনি কৰে’ আদি বহুকেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল।