দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীখন দেওবাৰে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচীৰে সামৰণি পৰে।
স্থানীয় চিলিং মিলন মধ্যইংৰাজী বিদ্যালয়ত অনুষ্ঠিত এই বিহু সম্মিলনখনিৰ এইবেলি বিভিন্ন কাৰ্যসূচীৰ মাজতে বৃহত্তৰ অঞ্চলটোৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ ব্যক্তি প্ৰায় ত্ৰিশগৰাকীক গছ পুলি, মানপ্ৰত্ৰ, গামোচা, ফুলৰ টোৰা আদিৰে বিশেষ সম্বৰ্ধনা জনায়।