48
চামগুৰিঃ চামগুৰিৰ তেলিয়াগাঁৱত মঙলবাৰে পুৱাই সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এখন গৰু ভৰ্তি ট্ৰাক বাগৰি পৰে ৩৭ নং ঘাইপথৰ দাঁতিত।
লক্ষীমপুৰৰপৰা গুৱাহাটী অভিমুখে গৈ আছিল ট্ৰাকখন। ট্ৰাকখনত আছিল ২২ টাকৈ গৰু। কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীৰপৰা নাইকীয়া হল আটাইকেইটা গৰু। দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিবলৈ ট্ৰাকত থকা লোককেইজন চামগুৰি আৰক্ষী থানালৈ যোৱাৰ সময়তেই গৰু লৈ উধাও হ’ল একাংশই।