জয়ন্ত মুদৈ, নগাঁওঃ বিগত কিছুদিন ধৰি নগাঁও চহৰত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে এটিএমৰপৰা ধন উলিয়াই অনাত সহায় কৰি দিয়াৰ চলেৰে এটা দুৰ্বৃত্তই এগৰাকী মহিলাৰ ধন কৌশলেৰে উলিয়াই নিয়াৰ পাছত এইবাৰ এটিএম হেকাৰৰ কবলত পৰিল এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক।
জানিব পৰা মতে, নগাঁও চহৰৰ হয়বৰগাঁও ষ্টেট বেংকৰ এগৰাকী গ্ৰাহক তথা অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল জলিলৰপৰা হেকাৰে লুটি নিলে ৭,৭৪,৯৮৯ টকা৷ অৱসৰপ্ৰাপ্ত এই শিক্ষক গৰাকীৰ একাউণ্টৰপৰা হেকাৰে চাৰি দিনত লুট কৰি নিলে উল্লিখিত পৰিমাণৰ ধনৰাশি৷