Home ৰাজ্যখানামুখত বসন্ত উৎসৱৰ লাইখুটা স্থাপন

খানামুখত বসন্ত উৎসৱৰ লাইখুটা স্থাপন

by News Desk
A+A-
Reset
21972b03-5e50-4938-b91e-ac64e46c0a3e

আজাৰাঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ প্ৰাথমিক বিদ্যালয় খেলপথাৰত অহা ১ জুনত ৩৭ সংখ্যক বসন্ত উৎসৱ উদযাপন কৰা হ’ব। খানামুখ ৰঙালী বিহু বিদায় সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বসন্ত উৎসৱৰ যোৱা ২৯ মে’ত লাইখুটা স্থাপন কৰা হয়। 

সন্মিলনীৰ কৰ্মকৰ্তা সদস্যকে ধৰি অঞ্চলটোৰ বহু সংখ্যক লোকৰ উপস্থিতিত মাংগলিক কাৰ্যসূচীৰে লাইখুটা স্থাপন কৰে খানামুখ শ্ৰীশ্ৰীলক্ষী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বলেন চন্দ্ৰ ঠাকুৰীয়াই। লগতে বন্তি প্ৰজ্বলন কৰে এসময়ৰ আদৰ্শ কৃষক সাৰদা কলিতাই। অনুষ্ঠানত সন্মিলনীৰ সভাপতি মৃণাল কলিতা, প্ৰাক্তন সভাপতি সত্যৰাম ভৰালী, কনক চন্দ্ৰ বৈশ্য, কমল কলিতা, সন্মিলনীৰ সাধাৰণ সম্পাদক হিতেশ কলিতা, ৰতন কলিতা, সাংস্কৃতিক সম্পাদক ৰুবুল বৈশ্যকে ধৰি সদস্যসমূহ উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0