82
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ এলেকাধীন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত শুকুৰবাৰে সন্ধিয়া প্ৰায় চাৰে সাত বজাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন যুৱক গুৰুতৰভাৱে আহত হয়৷
জানিব পৰা মতে, বেবেজীয়া চাৰিআলি নিবাসী নৰেন দাসৰ পুত্ৰৰ টিংকু দাস (১৯)য়ে এএছ০২ৱাই ৯৫২৩ নম্বৰৰ এখন অত্যাধুনিক বাইকেৰে নগাঁও চহৰৰপৰা ঘৰ অভিমুখে আহি থকা অৱস্থাত পথৰ ডিভাইডাৰত খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়৷