58
নাহৰকটীয়াঃ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত উত্তপ্ত পৰস্থিতিৰ সৃষ্টি হয়৷ শুকুৰবাৰে নাহৰকটীয়াৰ নগৰ সমিতিৰ চেয়াৰমেন জগদীষ(মুকুট) ৰাজকোঁৱৰে অতৰ্কিতে গুলীচালনা কৰে নাহৰকটীয়া নগৰ সমিতিৰ কাৰ্যালয়ৰ সন্মুখত।
নাহৰকটীয়াৰ নগৰ সমিতি কাৰ্যলয়ৰ সন্মুখত শূন্যলৈ গুলীচালনা কৰে মুকুট ৰাজকোঁৱৰ৷ নাহৰকটীয়াৰ বিজেপি টাউন মণ্ডলৰ সম্পাদক প্ৰীতম হাজৰিকাৰ নামত পঞ্জীয়নকৃত আছিল মুকুট ৰাজকোঁৱৰে চলোৱা পিষ্টলটো।