72
ছাইদুল ইছলাম, ডিফুঃ এসময়ত উগ্ৰপন্থীৰ ৰম্যভূমি খ্যাত পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিগত কেইবাবছৰ ধৰি উগ্ৰপন্থীৰ কাৰ্যকলাপ কিছু হ্ৰাস পাইছিল যদিও শেহতীয়াকৈ জিলাখনত উগ্ৰপন্থীৰ বিচৰণ বৃদ্ধি পোৱাত পুনৰ সচেতন মহল উদ্বিঘ্ন হৈ পৰিছে৷
প্ৰাপ্ত তথ্য অনুসৰি পিডিচিকে (পিপলছ ডেমক্ৰেটিক কাউনচিল অব কাৰ্বি আংলং) নামৰ উগ্ৰপন্থী সংগঠনটোৰ সাংগঠনিক কাৰ্যকলাপ আৰু ধন সংগ্ৰহৰ ঘটনাই আৰক্ষী আৰু সেনাৰ মূৰৰ কামোৰণিৰ হৈ পৰিছে৷