নলবাৰীঃ মঙলদৈ লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়া আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাক দেওবাৰে নলবাৰী নাট্য মন্দিৰত নলবাৰী জিলা বিজেপিয়ে আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত উষ্ম সম্বৰ্ধনা জনোৱা হয়।
নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উদ্যোগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিধায়ক অশোক শৰ্মা, জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, নলবাৰী পৌৰ সভাৰ সভানেত্ৰী বিপাসা দাস, জিলা বিজেপিৰ উপ-সভাপতি অপুৰ্ব শৰ্মা আদি বহু কেইজন লোক উপস্থিত থাকে।