খেৰণিঃ জাল নোট-মৰণাস্ত্রসহ চাৰিজনক আটক। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰু হোজাই জিলাৰ ডবকাৰপৰা আটক জ্ঞানবাহাদুৰ লামা (৩১), জয়ন্ত সিং(৩৭), ফাইজোল ইছলাম (৪১) আৰু নিখিল তেৰাং (১৯)।
ৰাজ্যত জাল নোট প্ৰচলনৰ ব্যৱসায় অব্যাহত। নিতৌ জাল নোট প্ৰচলনৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্যখনৰ একাংশ দুষ্ট চক্ৰই। এইবাৰ জাল নোট আৰু মৰণাস্ত্রসহ চাৰিজনলোক আটক হৈছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰু হোজাই জিলাৰ ডবকাৰপৰা। সেনা-আৰক্ষীৰ যুটীয়া অভিযানত ৫০০ আৰু ২০০০ টকীয়াৰ জাল নোট, ৭.৬৫ পিষ্টল আৰু ৩ ৰাউণ্ড সক্ৰিয় গুলিসহ খেৰণি আৰু ডবকাৰপৰা আটক হৈছে জ্ঞানবাহাদুৰ লামা (৩১), জয়ন্ত সিং(৩৭), ফাইজোল ইছলাম (৪১) আৰু নিখিল তেৰাং (১৯) নামৰ লোককেইজন।