46
খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত মঙলবাৰে সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আৰু আন দুজন লোক গুৰুত্বৰভাৱে আহত হয়।
দুখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় হেণ্ডলুম টেক্সটাইল হামৰেন কাৰ্যলয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চন্দ্ৰ তিমুং আনহাতে আহত হোৱা কেইজন ক্ৰমে জিৰচং হাঞ্চে আৰু চাৰহন তেৰন বুলি চিনাক্ত কৰা হয়।