নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ৰাইদঙীয়াৰ নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ কিছু নিলগতে থকা বগৰিগুৰিৰ চৰকাৰী ভূমিত একাংশ সন্দেহজনক নাগৰিকে বসতি স্থাপন কৰাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আনকি এইবোৰ সন্দেহজনক নাগৰিকে সকলোকে স্তম্ভিত কৰি চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত নিৰ্বিঘ্নে গঢ়ি তুলিছে গাঁও৷
দিনে-নিশাই এই চৰকাৰী ভূমিত বৰ্তমানলৈকে এইবোৰ সন্দেহজনক নাগৰিকে অৰ্ধ শতাধিক ঘৰ নিৰ্মাণ কৰি তুলিছে৷ কাজেই, এনেদৰে চৰকাৰী ৰিজাৰ্ভত প্ৰতিদিনে সন্দেহজনক নাগৰিকে অৱস্থান গ্ৰহন কৰা ঘটনাই এতিয়া সমগ্ৰ জিলাখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ উদ্ভৱ ঘটাইছে৷ জানিব পৰা মতে, বিগত প্ৰায় এবছৰ মানৰপৰা ধাৰাবাহিকভাবে অবাধে আহি সংস্থাপিত হোৱা এইসকল সন্দেহজনক নাগৰিকে নতুনকৈ ইটোৰ পিছত সিটো ঘৰ নিৰ্মাণ কৰি তোলাৰ বিপৰীতে বহুকেইটা ডাঙৰ ডাঙৰ পুখুৰী খান্দিছে যদিও জিলা প্ৰশাসন তথা চৰকাৰী পক্ষই ইয়াৰ বিৰুদ্ধে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহন নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে৷