Home ৰাজ্যনগাঁৱত ঈদৰ ব্যাপক প্ৰস্তুতি

নগাঁৱত ঈদৰ ব্যাপক প্ৰস্তুতি

by News Desk
63 views
A+A-
Reset

নগাঁওঃ পবিত্ৰ ৰমজানৰ অন্তিম সূৰ্যাস্তৰ সামৰণি পৰাৰ অন্তত পৰম্পৰা অনুসৰি প্ৰতি বছৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে বেছ উলহ-মালহেৰে উদযাপন কৰি আহিছে পৱিত্ৰ ঈদ-উল-ফিতৰ৷ ৰাজ্যৰ আন আন ঠাইৰ দৰে নগাঁও জিলাটো এই উৎসৱক কেন্দ্ৰ কৰি চলিছে ব্যাপক প্ৰস্তুতি৷ পৰম্পৰা অনুসৰি ঈদৰ দিনা উক্ত অঞ্চলবোৰত থকা ঈদগাহ ময়দানবোৰতো ধৰ্মীয় আচাৰ-নীতিৰে পৱিত্ৰ ঈদ-উল-ফিতৰৰ দুই ৰাকাত ওয়াদেব নামাজ আদায় কৰিব৷ 

বছৰটোৰ এঘাৰটা মাহ সম্পূৰ্ণ বৈধ ভোগৰ স্বাধীনতা উপভোগ কৰাৰ পিছতে যোৱা ৭ মে’ৰপৰা ধৰ্মীয় ৰীতি মৰ্মে সম্পূৰ্ণ এমাহ কাল ৰোজা পালন কৰা হয়৷ গতিকে এনেদৰে সম্পূৰ্ণ এমাহ কঠোৰ ধৰ্মীয় নীতি-নিয়মেৰে ৰোজাৰ ব্ৰত ৰখাৰ অন্তত ৰং-ৰহইচ তথা আনন্দ-স্ফুৰ্তিয়ে উদযাপন কৰিবলৈ ওলোৱা ঈদ-উল-ফিতৰৰ প্ৰাকক্ষণত ঈদগাহ পৰিচালনা কমিটিবোৰে মছজিদ আৰু ঈদগাহসমূহ আটকধুনীয়াকৈ সু-সৰ্জ্জিত কৰি তোলাৰ উপৰি ঠায়ে ঠায়ে তোৰণ আদি স্থাপনেৰে ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনোৱাৰ বিপৰীতে চৌপাশে এক উৎসৱমুখৰ মনোমোহা পৰিবেশৰ সৃষ্টি কৰিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0