গুৱাহাটীঃ মহানগৰ উন্নয়নৰ লক্ষ্য আগত লৈ পানবজাৰ স্থিত গুৱাহাটীৰ পৌৰ নিগমৰ মুখ্য কাৰ্যলয়ত সোমবাৰে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক।গুৱাহাটীৰ পৌৰ নিগমৰ ভাৰপ্ৰাপ্ত মুখ্য আয়ুক্ত দেৱেশ্বৰ মালাকাৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে গুৱাহাটীৰ পৌৰ নিগমৰ অধীনৰ সকলোবোৰ বিভাগৰ বিষয়াসকল। আবেলি প্ৰায় ৪ বজাৰ পৰা সন্ধিয়া ৭ বজা লৈকে অনুষ্ঠিত হোৱা সোমবাৰৰ বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লগতে গুৱাহাটী পৌৰ নিগমৰ অধীনৰ বিভাগ সমূহক দিয়া হয় কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
তাৰ ভিতৰত গুৰুত্বপূৰ্ণ নিৰ্দেশা হৈছে ২০১৮-১৯ বর্ষৰ যিসমূহ কাম পৌৰ নিগমৰ অধীনত বৰ্তমান সময়তো সম্পূৰ্ন হোৱা নাই, সেই সমূহ অহা তিনিমাহৰ ভিতৰত সম্পূৰ্ন কৰিবলৈ সকলো বিভাগকে নিৰ্দেশ প্ৰদান কৰা হৈছে। লগতে পৌৰ নিগমৰ অধীনত সম্পূৰ্ন হোৱাৰ প্ৰতিখন আঁচনিৰ কাম দায়িত্ব থকা কাৰ্যবাহী অভিযন্তা গৰাকীয়ে নিজে গৈ তাৰ প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব।