ডিফুঃ কাৰ্বি আংলং জিলাৰ মাজেৰে যোৱা ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জৰাজীৰ্ণ আৰু বিধ্বস্ত অৱস্থাৰ মেৰামতিৰ বাবে মঙলবাৰে জিলাখনৰ ছাত্ৰ সংগঠন কেএছএ আৰু কেআৰএছ এৰ সদস্য সকলে দুপৰীয়া ১২ বজাৰপৰা ২ বজালৈ ডিলাইৰ ১৪ মাইলৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত মাছ ধৰি আৰু ভুঁই ৰুই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷
সাংবাদিকৰ আগত দুই সংগঠনৰ নেতা সকলে কয় যে, জিলাখনৰ মাজেকে যোৱা ৩৬ আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটা নাগালেণ্ড আৰু মণিপুৰ ৰাজ়্যৰ সংযোগী ঘাই পথ লগতে আয়ুস ৰেখা৷ এই পথেৰেই ৰাজ্য দুখনৰ সৈতে অৰ্থনৈতিক আৰু বেহা-বেপাৰ তৰা হয়৷ তেনে দুই গুৰুত্বপূৰ্ণ ঘাই পথৰ ওপৰৰ বহু ঠাইত পুখুৰী সদৃশ গাতে যাতায়ত ব্যৱস্থাত প্ৰত্যক্ষ ভাবে বাধা প্ৰধান কৰি অহাৰ লগতে অত্যাৱশ্যকীয় জৰুৰীকালীন সেৱাই পৰ্যাপ্ত গতিত গন্তব্যস্থান নোপোৱাৰ বাবে বাটতে মৃত্যুক সাবটি ল’বলগীয়া হয়৷