47
লখিমপুৰঃ ঈদৰ আনন্দ উল্লাসৰ মাজতে লখিমপুৰত অঘটন৷ ১৫ নং ৰাজপথৰ গণেশ মন্দিৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক, দুজনৰ অৱস্থা সংকটজনক৷
পহুমৰা ফালৰপৰা লখিমপুৰ নগৰলৈ বুলি AS 07-N 2530 নম্বৰৰ এখন স্কুটিৰে গৈ থকা অৱস্থাত ৰাখিথোৱা ট্ৰাকত পিছফালৰপৰা খুন্দা মৰাত এই শোকাৱহ কাণ্ড সংঘটিত হয়৷ নিহত যুৱকজনৰ নাম ৰফিক আলি বয়ষ ২৪ বছৰ৷