গুৱাহাটীঃ বিগত দুটা বছৰৰো অধিক কাল প্ৰাপ্য দৰমহাৰপৰা বঞ্চিত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ ছাত্ৰ-ছাত্ৰী সকল বিশেষকৈ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ সকলক সহায় কৰাৰ বাবে অসম নাগৰিক সমাজে বুধবাৰৰপৰা অৰ্থ সাহায্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে।
অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে এই কথা জানিবলৈ দিছে৷ তেওঁ এই সন্দৰ্ভত কয় যে দীৰ্ঘদিন ধৰি দৰমহাৰপৰা বঞ্চিত কাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী ২০১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। কিন্তু কৰ্মচাৰী পিতৃ-মাতৃ সকলে দীৰ্ঘদিন ধৰি দৰমহা নোপোৱাত তেওঁলোকৰ উত্তীৰ্ণ সন্তান সকলক উচ্চশিক্ষাৰ গ্ৰহণৰ বাবে কলেজত নামভৰ্তি কৰোৱাৰ বাবে তেওঁলোকৰ হাতত বৰ্তমান সময়ত প্ৰয়োজনীয় অৰ্থ অভাৱ।