59
ডিজিটেল ডেস্কঃ প্ৰশিক্ষণৰত পাইলটৰ হাতত বিমানৰ দায়িত্ব গতাই নিহপালি দি শোৱা ঘটনাই আন্তৰাষ্ট্ৰীয় মহলত খলকনি তোলাৰ পিছতে পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইনচৰ বিষয়ে পুনৰাই লজ্জাজনক বাতৰি প্ৰচাৰ হৈছে।
ডেইলি পাকিস্তান নামৰ বাতৰি কাকতখনত প্ৰকাশ পোৱামতে এগৰাকী চীনা মহিলাৰ সৈতে সময় কটোৱাৰ বাবে এগৰাকী জেষ্ঠ পাইলটে ককপিটৰপৰা আটাইকেইজন ক্ৰীউ মেম্বাৰক উলিয়াই দিয়ে।