ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন নৌসেনা বিষয়া কুলভূষণ যাদৱক চোৰাংচোৱাগিৰিৰ অভিযোগত পাক সামৰিক আদালতে মৃত্যুদণ্ড বিহা কাৰ্যক বিশ্বজুৰি বিভিন্ন মহলে নিন্দা কৰি অহাৰ পিছতে এইবাৰ পাকিস্তানৰ সিদ্ধান্তক প্ৰত্যাখান কৰিছে ইণ্টাৰনেশ্যনেল ক’ৰ্ট অব জাষ্টিচ চমুকৈ আইচিজেয়ে।
ভাৰতৰ অনুৰোধ স্বত্বেও সিদ্ধান্ত সলনি নকৰাৰ পৰিপ্ৰেক্ষিতত সৰ্বত্ৰে সমালোচনাৰ সমুখীন হৈ অহা পাক আদালতৰ ৰায়দানত হস্তক্ষেপ কৰি নেদাৰলেণ্ডৰ হেগস্থিত আন্তৰাষ্ট্ৰীয় আদালতখনে উক্ত সিদ্ধান্ত পোনচাটেই নাকচ কৰিছে।