55
কোকৰাঝাৰঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ কুকলুঙৰ গভীৰ অৰণ্যত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষত এজন এন ডি এফ বি(সং) সদস্য নিহত হোৱাৰ লগতে এছ এছ বিৰ উপ-পৰিদৰ্শক এজনৰো মৃত্যু হয়। ঘটনাটোত আন এজন এন ডি এফ বি সদস্য আহত হয়।
জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি সোমবাৰৰ মাজ নিশা চিৰাং আৰক্ষীৰ সহযোগত এছ এছ বি আৰু ভাৰতীয় সেনাই মানাহৰ গভীৰ অৰণ্য অঞ্চলত অভিযান চলায়। এই অভিযানত এছ এছ বিৰ দলটোক নেতৃত্ব দিছিল কমাণ্ডেণ্ট বিক্ৰমজিত সিংহই।