গুৱাহাটীঃ ঝাৰখণ্ডত মাওবাদীৰে সংঘর্ষত প্ৰাণ হেৰুওৱা গহপুৰৰ কাউৰী পথাৰৰস্থিত বীৰ শ্বহীদ নিৰজ ছেত্ৰী ঘৰত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গহপুৰত উপস্থিত হৈ শ্বহীদ নিৰজৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালক সাক্ষাত কৰি শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লগতে পৰিয়াল বৰ্গক সমবেদনা জনোৱাৰ লগতে বীৰ শ্বহীদ গৰাকীৰ পৰিয়ালক মুখ্যমন্ত্ৰীয়ে ২০ লাখ টকাৰ আৰ্থীক অনুদান আগবঢ়ায়। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মাওবাদীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি নিৰজ ছেত্ৰীয়ে দেখুওৱাই থৈ গ’ল দেশপ্ৰেমৰ অন্য এক নিৰ্দশন। তেখেতেৰ অদম্য সাহস, দেশপ্ৰেম আৰু আত্মবলিদানে নতুন প্ৰজন্মক দেশৰ প্ৰতি থকা গুৰুদায়িত্ব পালন কৰি যাবলৈ সদায় উদ্বুদ্ধ কৰিব।